শৰতৰ কোঁৱে কোঁৱে,,Tapan Payeng - My Assamese Literature Pen

Home Top Ad

Responsive Ads Here

Post Top Ad

Your Ad Spot

Friday, November 1, 2024

শৰতৰ কোঁৱে কোঁৱে,,Tapan Payeng

 শৰতৰ কোঁৱে কোঁৱে

Tribute to DKP


(প্ৰয়াত বৰদেউতা দৰ্জীকান্ত পায়েঙলৈ উৎসৰ্গিত কৰি)

◼তপন পায়েং
(email-payengtapan@gmail.com)

লুকাই আছিলা আইৰ আচলত
অথচ শৰৎ অহাৰ উমান পাই
তোমাৰ নাকফুলত নিয়ৰে তিৰবিৰাইছে
কিহৰ উন্মাদনা ! কিহৰ উদযাপন
যৌৱনৰ বৰনিশাতে কিয় ফুলিছে তোমাৰ বুকুত শে‍ৱালি ফুল॥
(©এটি মোৰ কবিতাৰ পংক্তিৰে)

শৰত আহে আৰু আকৌ যাব মাথোন ৰৈ থাকে আগন্তুক শৰতলৈ নদীৰ কাষৰ কঁহুৱাবোৰ আৰু অপৰাহ্ন সময়ৰ সুগন্ধি শেৱালি জোপাবোৰ। আমি সময়বোৰক এনেকৈয়েই অতিবাহিত কৰি আহিছো ।কৰশ্ৰোতাত অতীতৰ সময়ক পাহৰি পেলাওঁ ,এনে অতীতৰ সময়ক পাহৰা উচিত যিবোৰ হৃদয়/মনক বৰকৈ কষ্ট দিয়ে ,তেনে অতীতক কিহৰ দৰকাৰ। মনত পেলাব লাগে কিছু ভাল লগা সময়ক যিবোৰ অতীতক পুনৰ বাৰ পাব বিচাৰো । ঠিক তেনেদৰে শৰতো আহে বাৰে বাৰে নতুন হৈ নতুন বস্ত্ৰ পৰিধ‍ান কৰি কিন্তু শৈশৱৰ এই শৰৎ সময়ৰ পৰিত্যক্তত শ্মশান, আমি মনত পেলাবহে পাৰো -
শৰৎ মানেই যেন শাৰদীয় দূৰ্গোৎসৱ
শৰৎ মানেই যেন নদীৰ কাষৰ কহুঁৱাৰ উন্মাদনা
শৰৎ মানেই কঙালী বিহু
শৰৎ মানেই যেন এটি মিঠা সুমধুৰ শেৱালি গোন্ধৰ লয়লাস॥
শৰৎ আহিলেই পদূলিত থিয় হৈ থকা শেৱালিয়ে প্ৰাণ পাই উঠিছিল,সন্ধিয়াৰ পৰে পৰে সুগন্ধিবোৰে চৌপাশখিনি জীপাল কৰিছিল,শৰতৰ পুৰ্নিমা ৰাতিত শেৱালিৰ কাষ চাপি দেখিছিলো শেৱালিয়ে বগা সাজৰ কাপোৰ পিন্ধিছে,বগা সাজৰ কাষে কাষে কমলা বৰণীয়া শাৰী, যেন বোধ হ'য় ধৰালৈ দূৰ্গা নামিছে । আমি খেলিছিলো ৰাতিপুৱাতে শেৱালি ফুলবোৰ বুটলি আঙ্গনত ৰাম,সীতাৰ কলাজ মধুমল্লাহ কৰি । ইয়াৰে কিছু মোৰ প্ৰয়াঁত বৰদেউতা(দৰ্জীকান্ত পায়েং)ই শেৱালি ফুলবোৰ বুটলি আঞ্জা প্ৰকৰণো শিকাইছিল লগতে শেৱালি পাতবোৰ যগ্মা,কাঁহৰ বাবে উপকৰণো কৰে বুলি গ'ম পাইছিলো। নাই অথচ শেৱালি আছে যদিওঁ বৰদেউতাই ধৰাৰ পৰা আতঁৰি যোৱাৰ অভিমানত শৰততো শেৱালিজোপাটি হাঁহিব পাহৰিলে। এতিয়া অতীত বৰদেউতাৰ মৰম,ৰাতিপুৱাতে চোতালত দৌৰি গৈ তল সৰা শেৱালিক নুবুতুলিলে বৰঠাই গালী পাৰা আজিছোন অতীত ,কিহে বা মনখেমাৰ হ'ল বৰদেউতাৰ নোহোৱাৰ পৰত শেৱালিয়ে ফুলা কথাটিয়েওঁ কোনোবা বেদ-পুৰাণৰ দিনৰ আখ্যান যেন হৈ পৰিছে।
আমি জানো বিশ্বব্ৰহ্মাণ্ডত যেতিয়ালৈকে পৃথিৱী সুৰ্যৰ চাৰিওঁফালে পৰিভ্ৰমণ কৰি থাকিব ,শৰৎ পৃথিৱীৰ বুকুলৈ নামিয়ে থাকিব কিন্তু আমি আমাৰ কামখিনি,বৰ্তমানৰ কামবোৰ যাদৃচ্ছিকৰ দৰে অতীত হৈ পৰিব । পৰিতাপৰ বিষয়ে যে বৰ্তমান সময় নতুন পৃথিৱী ,অতীতৰ সভ্যতা-সংস্কৃতি পাহৰিব ধৰিছে, লক্ষ্মী পূজা,দিপন্ধিতাত মাটিৰে বনোৱা শলিতাৰ পৰিৱৰ্তে ইলেক্ট্ৰিক চাকি ব্যৱহাৰ কৰিব লৈছে ,মানুহ ইমানেই উন্নত হ'ব লৈছেনে ,নে তেওঁলোকৰ সময়ৰ নাটনি দোকানৰ পৰা শলিতা কিনিবলৈ নে সময় নাই শলিতাত বুটা লগাবলৈ অথচ ৰাস্তাৰ ফুটফাটত বিক্ৰি কৰা মানুহ কেইজনৰ পৰা কিনিবলৈ, কিনিলেহেতেন তেওঁলোকৰে দুসাঁজ-দুমুঠি হলেহেতন ,আমি ইমানেই আধুনিক হলোনে॥
সচাকৈ আমি এনেকৈয়েই সকলোবোৰ অতীততৰ ফালে ঠেলি দিছো,দেৱালি,লক্ষ্মী পূজা,কঙালীত আমি মাটিৰে বনোৱা চাকি জ্বলোৱাৰ কথাখিনি এদিন এনেকৈয়ে অতীত হ'ব ,ইতিমধ্যে অতীততৰ শ্মশানত জাঁহ যাব ধৰিছে ঔটেঙা,অমিতাৰে পথাৰত চাকি জ্বলোৱাৰ কথাবোৰ । সদ্যহতে এইবোৰ কথা অক্ষয় পুৰুষে যদি নকলেহেতেন আমি নাজানিলো হেতেন ॥ কোৱাৰ বাবেহে সিদিনাৰ কঙালি বিহুতে অভাৱ অনাটনৰ পৰা নাটনি হ'বলৈ অমিতাৰ এটা ভাগক চাকি বনাই পথাৰত সেৱা কৰি আহিছে আমাৰ আশা,পৰি,পাহী,জানমনি আৰু কণমানি অনামিকাহতেঁ।এইবোৰ কথা জানিবলগীয়া কথা । লক্ষ্মীপূজা,কঙালী বিহু অহাৰ আগমনত স্কুল চুটী হোৱাৰ লগে লগে কিতাপৰ বেগখন টেবুলত থৈ তুলসী গছ বিচাৰিব গৈছিলো কাৰণ চোতালত তুলসী গছ ৰুই মাটিৰে মলাব লাগিব ,আমি সজাইছিলো কাৰ কি চোতালত কোনে কেনেকৈ আমাতকৈ আটচ-বজিয়া কৰিছে বুলি চাব দৌৰি গৈছিলো । আৰু লাহে লাহে সন্ধিয়াৰ জোনাক নামি আহিলেই শেৱালি ফুলখিনিক তুলসীৰ কাষে কাষে সজাইছিলো ॥ কোনোবাখিনিৰ পৰা শেৱালিৰ গোন্ধ নাকত বিন্ধিলেই মনত পৰে এই কথাবোৰ আৰু শৰতৰ সময়ত ঘৰলৈ গ'লেই মই বিচাৰি ফুৰো অতীতৰ এই উন্মাদনাবোৰক ।একোকে বিচাৰি নাপাওঁ,তুলসী গছ বিচাৰি যোৱা মানুহবোৰো দেশত থাকিওঁ প্ৰবাসী । অকলশৰীয়া মুক্ত বিহংগমৰ দৰে সকলো ।
মইওঁ অকলশৰীয়া
তুলসী গছজোপাও অকলশৰীয়া
প্ৰবাসী মানুহবোৰো অকলশৰীয়া,,
কেৱল অকলশৰীয়া ,কেৱল অকলশৰীয়া-- যেন একো একোটা বৈদেহী আত্মা ॥॥


No comments:

Post a Comment