উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ চাৰি আলিৰ এখন কফি কেপ North Lakhimpur University - My Assamese Literature Pen

Home Top Ad

Responsive Ads Here

Post Top Ad

Your Ad Spot

Wednesday, November 13, 2024

উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ চাৰি আলিৰ এখন কফি কেপ North Lakhimpur University

 উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয়ৰ চাৰি আলিৰ এখন কফি কেপ

North Lakhimpur University


মই বাটৰুৱা জানা! জোনাকী??তোমাক নোপোৱাৰ বেদনাতে যি মোৰ কলিজা চটফটাই উঠে তুমি জানো বুজি পোৱা।

সন্ধিয়া নামি আহিছিল ,শীতৰ কোঁৱে কোঁৱে । চাইকেলৰ এন্ধলখনৰ  বলৰিং নোহোৱাৰ ফলত খোজ-কাঢ়িয়েই গ'লো। 

-ছিঃ কটা ৰাস্তাৰ মাজেৰে পাৰ হৈ যাবই নোৱাৰি! চাৰিজন ল'ৰা ,ছোৱালী দেখিলেই মুখত যি উৰুলি ! যেন  আদিম যুগৰেই মানৱ! ব্লেক জিনছ টপ কাপোৰ পিন্ধা ছোৱালীক যেন কাহানিওঁ দেখা নাই! কেতিয়াবা মেকুৰীৰ মিউ মিউ মাত দি জোকোৱা ! এচুকত বহি ! এজনে নিশ্চয় নিজৰ গাৰ্ল ফ্ৰেণ্ডক অশ্লীল ভাষাৰে গালী গালাজ্ মোৰ ভিতৰি ভিতৰি খং ।

মনত এষাৰ ভাৱনা বাৰে বাৰে ভাহি আহিছে ,মোৰ ভনীওঁ এদিন কাৰোবাৰ গাৰ্ল ফ্ৰেণ্ড হ'ব ,তাইকো চাগে এনেকৈ ক'বনেকি? অথাতে ভাহি আহিল তাৰো ছাগে ভনী আছে নতুবা বাইদেওটো আছে ! তাৰ বাৰু এই ভাৱনাতো নাহেনে ॥মই লৰাকেইজনক বেয়া বুলি নকওঁ,কিন্তু বেয়া লাগিছে যি কথাত তেওঁলোকৰ ফুৰ্তি পাব পাৰে ,তেওঁলোকৰ শব্দত ফুৰ্তি পাব পাৰে ,এইয়া তেওঁলোক নিজস্ব কিন্তু মই কম মোৰ একেবাৰে বেয়া লাগিছে । কিয় কৰে বাৰু ???

সিহঁত পঢ়িবওঁ পাৰে নৰ্থ লক্ষীমপুৰ বিশ্ববিদ্যালয়ত দূৰ -দুৰণিৰ পৰা আহি,আৰু বহুতে কয় চালানীয়াবোৰ আহিয়ে ইয়াত হিৰো দেখুৱাই বাইকৰ যি চাইলেনচৰ উৰুৱাই। মই যেতিয়া উভতি আহোঁ ঠিক সন্ধিয়াতে চাহঁৰ মেহফিলত সিহঁতক দেখো ! অলপ দূৰ আগলৈ খোজ কাঢ়ি গ'লেই হিন্দী কথা পাতি চিগাৰেটৰ ধুৱা উৰুৱা ॥

1 comment: