এক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বহনক্ষম উন্নয়ন লক্ষ্য(SDGs)ৰ ভুমিকা - My Assamese Literature Pen

Home Top Ad

Responsive Ads Here

Post Top Ad

Your Ad Spot

Saturday, November 9, 2024

এক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বহনক্ষম উন্নয়ন লক্ষ্য(SDGs)ৰ ভুমিকা

নতুন অসমীয়া তথ্য পঢ়ক
লেখা প্ৰেৰণৰ বাবে ইয়াত ক্লিক কৰক

 এক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত  বহনক্ষম উন্নয়ন লক্ষ্য(SDGs)ৰ ভুমিকা*What is Sustainable Development goal?

photo of sustainable developement goal



তপন পায়েং

বহনক্ষম হ'ল  সম্পদ বা শক্তি ভৱিষ্যতলৈ সঞ্চিত কৰাৰ লগতে বৰ্তমান সময়ছোৱাত প্ৰয়োজনীয় সাপেক্ষে ব্যৱহাৰ কৰা ব্যৱস্থাপনা। আনহাতে বহনক্ষম উন্নয়ন(SDGs)ৰ মুল লক্ষ্য হ'ল অনাগত ২০৩০ চনলৈকে বহনক্ষমতাৰ সৰ্বাংগীন নিশ্চিত কৰা।
তেনেক্ষেত্ৰত বহনক্ষম উন্নয়নৰ দিশসমুহক সোতৰটা ভাগত ভাগ কৰা হৈছে ।ভাগবোৰ ক্ৰমে-

(১)দৰিদ্ৰতা/Poverty :- দৰিদ্ৰতা শব্দটোৱে  মানুহৰ নুন্যত্বম জীৱন ধাৰনৰ বাবে আৰ্থিক সম্পদ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ মৌলিক প্ৰয়োজনীয়তাক পূৰণ কৰিব নোৱাৰে । আৰু এনে দৰিদ্ৰতাক নিৰ্মূল কৰিবলৈ বা সমাজৰ মাজত তেনে শ্ৰেনীৰ বিশেষ্যক আৰ্থিকভাৱে সবল বা সম্যতা গঢ়ি তুলিবলৈ চৰকাৰে বিভিন্ন ধৰনৰ আঁচনিওঁ ৰূপায়ন কৰিছে । কোনো এখন দৰিদ্ৰ পৰিয়ালক পিএম আৱাস যোজনাৰ জৰিয়তে ঘৰ দিয়া ,তাৰোপৰিওঁ দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ন কৰিছে তেনেক্ষেত্ৰত অসম চৰকাৰৰ পদক্ষেপস্বৰূপে- ,মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি,  অৰুনোদয় আঁচনি যাৰ জৰিয়তে সমাজৰ আটাইতকৈ বিতাৰিত দৰিদ্ৰ মহিলাসকলক সবল কৰাৰ স্বাৰ্থত তেনে আঁচনি ৰূপায়ন কৰিছে।
(২)ক্ষুধা/Zero Hunger:-২০২২ চনত বিশ্বৰ ২৯.৬% জনসংখ্যা অৰ্থাৎ ২.৪ বিলিয়ন লোক মধ্যমীয়া বা গুৰুতৰভাৱে খাদ্যৰ অসুৰক্ষিত আছিল ।২০২২ চনত খাদ্যৰ অভিলেখ সৃষ্টিকাৰী উচ্চ মূল্যই ক্ৰয় ক্ষমতা আৰু খাদ্যৰ সুবিধাৰ অৱনতি ঘটাইছিল, যাৰ ফলত খাদ্য সুৰক্ষা আৰু পুষ্টিৰ ফলাফলত নেতিবাচক প্ৰভাৱ পৰিছিল। তাৰোপৰিওঁ দৰিদ্ৰতা কবলত থকা ব্যক্তিগণে সু-স্বাস্থ্যকৰ খাদ্যগ্ৰহণৰ পৰা বঞ্চিত হৈ থকা তেনে পৰিয়ালক খাদ্যৰ যোগান ধৰা দেখিবলৈ পোৱা গৈছে তেনে খাদ্য যোগান ধৰিলেহে পৰৱৰ্তী সময়ত স্বাস্থ্যবানৰ জন্ম হ'ব দেশখনৰ বিকাশত ব্ৰতী হ'ব পাৰিব । তাৰোপৰিওঁ  অঙ্গনৱাদী ,আশাকৰ্মীৰ জৰিয়তে 
কিশোৰী, গৰ্ভৱতী আৰু স্তন্যপান কৰাই থকা মহিলা আৰু বৃদ্ধ লোকসকলৰ পুষ্টিগত প্ৰয়োজনীয়তা বোৰ সমাধান কৰা আদিবোৰো উল্লেখনীয় উদাহৰণ। 
SDGs goal

তেনে ক্ষুধা/Zero Hunger দূৰ কৰিবলৈ পিএম পোষন যোজনা  তদুপৰি বিদ্যালয়সমুহতো মধ্যাহ্ন ভোজন দিয়া ,অসম চৰকাৰৰ দ্বাৰা যোগান ধৰা দুখীয়া শ্ৰেণীক ৰেচন কাৰ্ডৰ জৰিয়তে কম মূল্যত ৰেচন-পাতি  দিয়া ইত্যাদি ।
(৩)সুস্বাস্থ্য আৰু সুস্থতা/Good Health and Well Being:-  সমাজৰ কোনো এজন ব্যক্তিৰ সুস্বাস্থ্য হ'বলৈ ভাল পোষনৰ জৰিয়তে উন্নত স্বাস্থ্য ব্যৱস্থাৰো দৰকাৰ। ২০০০ চনৰ পৰা ২০২১ চনলৈকে দেশৰ জনসংখ্যাৰ জন্ম মৃত্যুৰ অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ অভাৱ ১৫% বৃদ্ধি পাইছিল।  তাৰোপৰিওঁ গৰ্ভাৱতী তথা সন্তান প্ৰসৱ মাতৃৰ মৃত্যু অনুপাত ২০৩০ চনৰ ভিতৰত হ্ৰাস কৰিবলৈ বহনৰ ব্যৱস্থা কৰিছে । যাৰ ফলত বিভিন্ন ধৰনৰ আঁচনি ৰূপায়ন কৰিছে। সকলোৱে সমান  বাবে স্বাস্থ্য ব্যৱস্থা উপভোগ কৰিবলৈ যেনে-আয়ুস্মান ভাৰত,অটল অমৃত ইত্যাদি॥
(৪)গুণগত শিক্ষা/Quality Education:- সৰ্বাংগীন আৰু সমতাপূৰ্ণ গুণগত শিক্ষা নিশ্চিত কৰা আৰু সকলোৰে বাবে আজীৱন শিক্ষণৰ সুযোগ প্ৰসাৰ কৰা । আৰু আমাক নিশ্চিত কৰে যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২১(ক)ই দেশৰ ছয়-চৈধ্য বছৰৰ ভিতৰত বিদ্যালয়লৈ যোৱা বাধ্যকতা বুলি নিৰ্দেশ কৰিছে ।
সংবিধানে অধিকাৰ প্ৰদান কৰিছে ,হয় এইটো মানিছো কিন্তু বহুতো লৰা-ছোৱালীয়ে বিশেষকৈ কন্যাসন্তানে আধা বাটতে দৰিদ্ৰতাৰ উপেক্ষ্ৰিতত  বিদ্যায়থনিক শিক্ষা সামৰিবলগীয়া হৈছে সেয়ে এই হেতুকে নহ'বৰ বাবে চৰকাৰে বিভিন্ন ধৰনৰ আঁচনিৰ জৰিয়তে উৎসাহ জনাইছে,উদাহৰণস্বৰূপে অসমৰ মূখ্যমন্ত্ৰী নিযুত মইনা নিধি আঁচনিৰ জৰিয়তে মাহিলী সাহাৰ্য্য যোগান ধৰা ,তদুপৰিওঁ অধিকভাৱে আগ্ৰহী হ'বলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষত্বমভাৱে নম্বৰ প্ৰাপ্ত ভগ্নীসকলক অসম প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে বিনামূলীয়া স্কুটীৰ যোগান ধৰা ইত্যাদি ॥
Tapan Payeng Article
Source-Dainandin Barta

(৫)লিংগ সমতা/Gender Equality:-লিংগ সমতা কেৱল সামাজিক ন্যায়ৰ বিষয় নহয়; বহনক্ষম উন্নয়নৰ বাবেও ই এক পূৰ্বচৰ্ত। শক্তিৰ সুবিধা, উৎপাদন, আৰু ব্যৱহাৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তথাপিও তেওঁলোকে প্ৰায়ে উল্লেখযোগ্য বাধাৰ সন্মুখীন হয় যিয়ে শক্তি খণ্ডত তেওঁলোকৰ অংশগ্ৰহণ আৰু প্ৰভাৱ সীমিত কৰে। এই লিংগ বৈষম্যই ব্যক্তিগত সুযোগত বাধাৰ সৃষ্টি কৰাই নহয়, সামগ্ৰিক অৰ্থনৈতিক বৃদ্ধি আৰু পৰিৱেশৰ বহনক্ষমতাতো বাধাৰ সৃষ্টি কৰে । কৰ্মক্ষেত্ৰতো পুৰুষৰ তুলনাত মহিলাক কম মজুৰি দিয়া,মহিলা সকলক বেছি নৈশলৈ কামত ৰখা ইত্যাদি সমস্যাৰ জালেৰে আৱৰি আছে। তাৰোপৰিওঁ উল্লেখনীয় সমস্যা হৈছে সন্তান প্ৰসৱ হোৱাৰ আগতে মাকৰ গৰ্ভত কন্যা সন্তান পৰীক্ষা কৰা ,কোৱা হৈছে কন্যা সন্তান এখন ঘৰৰ বোজা,সেয়ে জন্ম নোহোৱাৰ আগতে মাৰি পেলোৱা হ'য় ।
লিংগ বৈষম্যতাৰ উদাহৰণ:-
(ক)পুৰুষৰ ক্ষেত্ৰত দৰমহাৰ ব্যৱধান।
(খ)শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত।
(গ)ঘৰুৱা হিংসা। এনেধৰনৰ বৈষম্যতাবোৰ দূৰ কৰিবলৈ সমতাৰ ঘাইকৈ প্ৰয়োজন।লিংগ সমতাই ব্যক্তিক ক্ষতিকাৰক কু-সংস্কাৰৰ পৰা মুক্ত হৈ নিজৰ সপোনক অনুসৰণ কৰিবলৈ সক্ষম কৰে, সমাজৰ আশা-আকাংক্ষা যিয়েই নহওক কিয়। ই এনে এক পৰিৱেশৰ লালন-পালন কৰে য’ত সকলোৱে নিৰাপদ, সন্মানীয় আৰু মূল্যৱান অনুভৱ কৰে, আৰু য’ত বৈচিত্ৰময় দৃষ্টিভংগী আৰু প্ৰতিভাই উদ্ভাৱন আৰু প্ৰগতিত অৰিহণা যোগায়। লিংগ সমতাক আকোৱালি লৈ আমি আগন্তুক প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ পথ মুকলি কৰি দিওঁ।
(৬)বিশুদ্ধ পানী আৰু অনাময়/Clean Water and Sanitation:-  পুৰ্বতে ভাৰতত বিশুদ্ধ পানীৰ অভাৱত বহুতো বেমাৰৰ সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত জলজীৱন মিছন আঁচনি ওলোৱাৰ পিছৰে পৰা  ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত নিৰাপদভাৱে পৰিচালিত খোৱাপানী ব্যৱহাৰ কৰা জনসংখ্যাৰ অনুপাত ৬৯%ৰ পৰা ৭৩%লৈ বৃদ্ধি পাইছে ফলত বেমাৰত ভুক্তভোগী সংখ্যাৰো হ্ৰাস পাইছে। 
(৭)সুলভ আৰু পৰিষ্কাৰ শক্তি/Affordable and Clean energy:-  ২০১৫ চনত বিদ্যুতৰ সুবিধা নোহোৱা লোকৰ সংখ্যা ৯৫.৮ কোটিৰ পৰা ২০২২ চনত ৬৮.৫ কোটিলৈ হ্ৰাস পাইছে। ইয়াৰে পুৰ্ৱবৰ্তী সময়ছোৱালৈকেওঁ বিদ্যু শক্তি গ্ৰহণৰ পৰা বঞ্চিত হৈ আছিল । সাম্প্ৰতীক সময়ত সকলো শ্ৰেণীৰ লোকে বিদ্যুৎ শক্তি গ্ৰহণৰ লাভালাভ হৈছে ,তাৰোপৰিওঁ চৰকাৰে বিভিন্ন ধৰনৰ আঁচনি ৰূপায়ন কৰি সহজে শক্তি উপভোগ্য কৰাত সহায় কৰিছে।এনে আঁচনি সমুহৰ ভিতৰত পিএম মুপ্ত বিজুলী যোজনা,প্ৰধানমন্ত্ৰী সুৰ্যোদয় যোজনা ইত্যাদি॥

তাৰোপৰিওঁ মহিলাসকলৰ ৰন্ধন প্ৰকৰণৰ বাবে পিএম উজ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়া এলপিজি গেছ প্ৰদান কৰা।
(৮)মান্য কাম আৰু অৰ্থনৈতিক বৃদ্ধি/Decent Work and Economic Growth : - দেশৰ অৰ্থনীতি বৃদ্ধিৰ বাবে দেশৰ লৰা-ছোৱালীয়ে কামত ব্ৰতী হ'ব লাগিব। আনহাতে কামৰ সুবিধা পাব লাগিব,কামৰ সুবিধা পালেহে অৰ্থ উপাৰ্জন কৰিব পাৰিব কিন্তু বহুতে নিজস্ব মূলধন নথকাৰ বাবে কাম এটা আৰম্ভ কৰিবলৈ কোন্ঠাবোধ কৰে । এনে হেতুকে অসুবিধা নহ'বৰ বাবে বা স্বাৱলম্ভী হ'বলৈ চৰকাৰে বহুধৰনৰ আঁচনি ৰূপায়ন কৰিছে ,তেনে আঁচনিসমুহৰ ভিতৰত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি,মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি,এমজিএনেৰেগা  আঁচনিৰ জৰিয়তে বৃহতৰ নিৱনুৱাসকলক কাম কৰাত ইন্ধন  যোগাইছে ,তাৰোপৰি গাৱঁৰ মহিলাসকলক আত্মসহায়ক গোটৰ জৰিয়তে অৰ্থহীল কৰি তুলিছে।
(৯)উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁথনি/Industry,Innovation and infrastructure:- বহনক্ষম উন্নয়নৰ ৯ নং হে  আন্তঃগাথনি সৰ্বাংগীন কৰি তোলা আৰু নতুন নতুন উদ্ভাৱন উদ্যোগীকৰণ জন্ম দিয়া মূল লক্ষ্য উদ্দেশ্য। আন্তঃগাথনিয়ে উদ্যোগ গঢ়ি তোলাত সহায় কৰে আৰু এনে উদ্যোগে কোনো এটা কৰ্মসংস্থাপন  দিয়াৰ মূল ভুমিকা পালন কৰে আৰু এনে কৰ্মসংস্থাপনৰ ফলত এখন ঘৰৰ আৰ্থিক অৱস্থা উন্নত কৰি তুলিব । উদাহৰনস্বৰূপে আমাৰ অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প জৰিয়তে  অসমৰ নিৱনুৱাসকলৰ কৰ্মসংস্থাপনৰ লগতে অঞ্চলৰ উন্নয়নৰ  আশা কৰা হৈছে।
(১০)বৈষম্য হ্ৰাস  কৰা/Reduce inequality:-ইয়াৰ মূল  উদ্দেশ্য হ'ল অন্য ৰাষ্ট্ৰ বা অন্য দেশসমুহৰ মাজত বৈষম্য দূৰ কৰা। পৃথিৱীৰ অত্যধিক ধন-সম্পত্তি অতি কম সংখ্যক মানুহৰ হাতত থাকে।ইয়াৰ ফলত প্ৰায়ে আৰ্থিক আৰু সামাজিক বৈষম্যৰ সৃষ্টি হয়। জাতিসমূহ বিকাশ হ'বলৈ হ’লে সকলোৰে বাবে সমতা আৰু সমৃদ্ধি উপলব্ধ হ’ব লাগিব – লিংগ, জাতি, ধৰ্মীয় বিশ্বাস বা অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে হব লাগিব। যেতিয়া প্ৰতিজন ব্যক্তি স্বাৱলম্বী হয় তেতিয়া সমগ্ৰ বিশ্বই সমৃদ্ধিশালী হব।
(১১) বহনক্ষম নগৰ আৰু সম্প্ৰদায়/Sustainable Cities and Communities:-ইয়াৰ লক্ষ্য হৈছে চহৰ আৰু মানৱ বসতিস্থলসমূহক ১০টা লক্ষ্যৰে অন্তৰ্ভুক্ত, নিৰাপদ, স্থিতিস্থাপক আৰু বহনক্ষম কৰি তোলা:-নিৰাপদ আৰু সুলভ মূল্যৰ গৃহ নিৰ্মাণ যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ কথা উল্লেখ কৰিব পাৰি,সুলভ আৰু বহনক্ষম পৰিবহণ ব্যৱস্থা, অন্তৰ্ভুক্ত আৰু বহনক্ষম নগৰায়ন, বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষা কৰা,প্ৰাকৃতিক দুৰ্যোগৰ বিৰূপ প্ৰভাৱ হ্ৰাস কৰা,চহৰসমূহৰ পৰিৱেশ প্ৰভাৱ হ্ৰাস কৰা,নিৰাপদ আৰু অন্তৰ্ভুক্ত সেউজীয়া স্থানৰ সুবিধা প্ৰদান কৰা,শক্তিশালী ৰাষ্ট্ৰীয় আৰু আঞ্চলিক উন্নয়ন পৰিকল্পনা,অন্তৰ্ভুক্তি, সম্পদৰ দক্ষতা আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে নীতি ৰূপায়ণ , কম উন্নত দেশসমূহক বহনক্ষম আৰু স্থিতিস্থাপকতা গঢ়ি তোলাত সহায় কৰা। 
(১২)দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদন/Responsible Consumption and Production:-  ইয়াৰ লক্ষ্য হৈছে বিশ্বৰ সকলো ঠাইতে দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদনৰ ধৰণ নিশ্চিত কৰা। বহনক্ষম দায়িত্বশীল ব্যৱহাৰ আৰু উৎপাদনে দেশৰ কোনো এজন ব্যক্তি প্ৰতি লক্ষ্য কৰে যে যত সঠিকভাৱে কোনো অপব্যয় নকৰাকৈ অথবা প্ৰদুষন নকৰাকৈ ভৱিষ্যতলৈ নজৰ দি বৰ্তমানত সঠিকভাৱে ব্যৱহাৰ কৰা। যেনে  PM-E Drive  আঁচনিৰ জৰিয়তে  ইলেক্ট্ৰিক বাহন ব্যৱহাৰ প্ৰতি অনুপ্ৰেৰনা দিয়াৰ জৰিয়তে বৰ্তমান ব্যৱহাৰ কৰাৰ ওপৰিওঁ ভৱিষ্যতলৈ পৃথিৱীৰ পৰিৱেশ ভাৰসাম্যতা ৰাখিব পাৰি তাৰ প্ৰতি ১২ নং বহনক্ষম উন্নয়ন নীতিয়ে মহৎ ভুমিকা পালন কৰিছে।
(১৩)জলবায়ুৰ ক্ৰিয়া/Climate Action :-   পৃথিৱীৰ আটাইতকৈ ভাৰাক্ৰান্ত সমস্যা হৈছে জলবায়ুৰ পৰিৱৰ্তন যাৰ জৰিয়তে বিশ্বত গোলকীয় উত্তাপ বৃদ্ধিতো অৰিহনা যোগাইছে।এনে সমস্যাসমুহ দূৰ কৰিবলৈ বৃক্ষৰোপণ কাৰ্যসমুহ হাতত তুলিব লাগিব তেতিয়াহে ভৱিষ্যতলৈ বহনক্ষম হ'ব । বৰ্তমান সময়ছোৱাত চৰকাৰে আঁচনিৰ জৰিয়তে অৰ্থাৎ অমৃত বৃক্ষ আন্দোলন আদি আঁচনিৰে  গছৰ পুলি ৰূপণ কৰি পৰিৱেশ সংৰক্ষণ কৰাৰ ব্যৱস্থাপনা কৰি আহিছে ,এনে ক্ষেত্ৰত উদ্যমিতা শ্লগানো দেখিবলৈ যেনে"Ek Pedh Maa keh Naam Padh" ॥
(১৪)পানীৰ তলত জীৱন/Life Below Water :-মহাসাগৰসমূহে পৃথিৱীৰ ৭১% পৃষ্ঠভাগ সামৰি লয়, পৃথিৱীৰ ৯৭% পানী থাকে আৰু পৃথিৱীৰ ৯৯% জীৱিত স্থান গঠন কৰে। মানুহৰ কাৰ্যকলাপ আৰু প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ বাবে অম্লীয়কৰণৰ সাগৰীয় সমস্যাৰ সৈতে যুঁজি আছে মহাসাগৰসমূহ। এছডিজি ১৪ৰ লক্ষ্য হৈছে আমাৰ সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰক প্ৰসাৰ কৰা আৰু ইয়াৰ লক্ষ্য হৈছে সাগৰীয় আৰু উপকূলীয় পৰিৱেশ তন্ত্ৰক প্ৰদূষণ আৰু সাগৰীয় অম্লীয়কৰণৰ পৰা ৰক্ষা কৰা।
(১৫)মাটিত জীৱন/Life on land:-ইয়াৰ লক্ষ্য হৈছে পৃথিৱীৰ স্থলজ পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষা আৰু পুনৰুদ্ধাৰ কৰা। সাম্প্ৰতীক সময়ত ব্যক্তিগত খণ্ডৰ বাবে গছ-গছনি কাটি হাবি ধবংস কৰিছে  যাৰ বন্যপ্ৰানীৰ বিলুপ্ত হৈছে ।ভাৰতত বিশ্বৰ ৮% জৈৱ বৈচিত্ৰ্য আছে, য'ত আন ক'তো পোৱা নাযায় বহুতো প্ৰজাতিও আছে এনে প্ৰজাতিসমুহ বচাবলৈ চৰকাৰে বিভিন্ন ধৰনৰ আইনী সৃষ্টি কৰাওঁ হৈছে যেনে বন্যপ্ৰানী সংৰক্ষণ আইন ১৯৭২ প্ৰনয়ন কৰা হৈছে ,যাতে বন্যপ্ৰানীৰ অনিহা নহ'য়।
(১৬) শান্তি,ন্যায় আৰু প্ৰতিষ্টান/Peace,Justice and Institution  :-  ইয়াৰ লক্ষ্য উদ্দেশ্য হ'ল বহনক্ষম উন্নয়নৰ বাবে শান্তিপূৰ্ণ আৰু সৰ্বাংগীন সমাজক প্ৰসাৰ কৰা, সকলোৰে বাবে ন্যায়ৰ সুবিধা প্ৰদান কৰা আৰু সকলো স্তৰতে ফলপ্ৰসূ, জবাবদিহি আৰু সৰ্বাংগীন প্ৰতিষ্ঠান গঢ়ি তোলা। এনেক্ষেত্ৰত কিছুমান পদক্ষেপ হ'ল-সকলোতে হিংসামূলক কাৰ্য ৰোধ কৰা,শিশুক নিৰ্যাতন ৰোধ কৰা,শিশু শোষন ৰোধ কৰা ,আইনৰ শাসনত সমান বাবে ন্যায় প্ৰদান কৰা।
(১৭)লক্ষ্যসমূহৰ বাবে অংশীদাৰিত্ব/Partnerships for the Goals :- এই  শেষৰটো এছডিএছজিৰ লক্ষ্য উদ্দেশ্য হ'ল-কাৰ্যকৰীকৰণৰ উপায় শক্তিশালী কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে বিশ্ব অংশীদাৰিত্ব পুনৰুজ্জীৱিত কৰা। প্ৰযুক্তিৰ বিনিময় আৰু সামৰ্থ্য বিকাশকে ধৰি দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা; ৰাজহুৱা বিত্ত ব্যৱস্থাপনা শক্তিশালী কৰা, সাৰ্বজনীন নিয়মভিত্তিক আৰু সমতাপূৰ্ণ বাণিজ্য ব্যৱস্থা লাভ কৰাকে ধৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰসাৰ কৰা, যিটো ভাড়া আৰু মুকলি আৰু সকলোকে উপকৃত কৰে আৰু সামষ্টিক অৰ্থনৈতিক অস্থিৰতাৰ দৰে ব্যৱস্থাগত সমস্যাসমূহ অতিক্ৰম কৰা।

বহনক্ষমৰ বাবে  কৰনীয়ঃ-
(ক)চৰকাৰে নিয়ম এট‍‍া বান্ধি দিলেই নহ'ব আমি প্ৰত্যকেজন নাগৰিকে এই ১৭ টা বহনক্ষমৰ প্ৰতি সজাগ হ'ব লাগিব।
(খ)চৰকাৰে এনেধৰনত পদক্ষেপ সফল কৰিবলৈ বাতৰি বা কথাৰ মাজতে সীমাবদ্ধতা নাথাকি  জনসাধাৰনক দৃষ্টি আকৰ্ষন কৰিবলৈ বিশেষ পদক্ষেপ ল'ব লাগে। যেনে-বিজ্ঞাপনৰ জৰিয়তে।
(গ)২০৩০ চনৰ আমাৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন মুকলি কৰিবলৈ বহুত গভীৰ, দ্ৰুত আৰু অভিলাষী সঁহাৰিৰ প্ৰয়োজন।
 
বিশ্বজুৰি যুদ্ধ-বিগ্ৰহবোৰ বৰ্জন কৰি একত্ৰিত হ'ব লাগিব তেতিয়াহে   বহনক্ষম উন্নয়নৰ লক্ষ্যতো সফল হ'ব। তাৰোপৰিওঁ প্ৰাথমিক শাখা তথা দেশৰ ভিতৰছোৱাৰ পৰা ধৰি সচেতন হ'ব লাগিব তেতিয়াহে ২০৩০ চনত সম্পুৰ্ণভাৱে সফল হ'ব পাৰিব॥

No comments:

Post a Comment